January 26, 2025 6:51 PM

views 23

আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ আহ্বান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তিৰ নিজৰা ব'বলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ৰাজ্যখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ বিষয়ে আলোকপাত কৰে। ২০২৪ চনত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যদা লাভ কৰা, চৰাইদেউৰ মৈদামক্ষেত্রসমূহে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ ক...