August 26, 2025 8:04 PM

views 41

বি টি চিৰ পৰ্বতঝোৰাত জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বি টি চিৰ পৰ্বতঝোৰাত এখন জনসভাত অংশগ্ৰহণ কৰে। বি টি চিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী ভি চি ডি চিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কৰি ড° শৰ্মাই কয়, যে এইবাৰ বি টি চিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ভি চি ডি চি ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ'ব। তেওঁ লগতে বিজেপিৰ চৰকাৰ হ'লে বি টি চিত অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনি প্রকৃত হিতাধিকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি...

April 22, 2025 8:53 PM

views 43

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে প্ৰচাৰ সভা, ৰেলী আদিৰ আয়োজন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত অংশ লয...