February 6, 2025 12:40 PM

views 34

অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী ২০২৫ৰ খচৰাত অসম মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে ২০১৩ চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাৰ বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। নিয়মীয়াকৰণৰ পাছত এই কৰ্মচাৰীসকল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অধীনস্থ কর্মচাৰীত পৰিণত হ'ব আৰু তেওঁলোকৰ চাকৰিত বদলিৰ সুবিধা থাকিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্...