January 16, 2025 7:02 PM

views 28

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়ন-বিকাশৰ বাবে ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্রীসভাৰ বৈঠকত ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জোনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে ১৫ কোটি টকা, তিৱা সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে ১ কোটি টকা আগবঢ়াবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ শতবৰ্ষ গৰকা ৯খন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকাকৈ আগবঢ়াবলৈও আজিৰ ব...