May 17, 2025 8:53 PM

views 38

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা স্বাস্থ্য বিভাগ তথা অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্য পৰীক্ষা শিবিৰত এই দিৱস পালন কৰা হয়। উচ্চ ৰক্তচাপৰ কুপ্ৰভাৱৰ বিষয়ে সজাগ কৰাৰ লগতে প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত স্বাস্থ্য বিষয়াসকলে জনসাধাৰণক অৱগত কৰে।...