January 10, 2025 8:42 PM

views 32

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি, ভিন্ন প্ৰান্তত ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত ৩টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লক্ষীমপুৰ, বৰুৱাবিল আদি স্থানীয় মীন মহল আৰু মীন উৎপাদকসকল সাজু হৈছে। ইপিনে, বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপ...