November 26, 2025 12:26 PM
100
অসম বিধানসভাj শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন
ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতে অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক-২০২৫ উত্থাপন কৰে। ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ'ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্রী জীবিত থকা অৱস্থা আৰু আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদ নহ'লে পুনৰ বিবাহপাশত আৱদ্ধ হ'ব নোৱাৰিব। এই নির্দেশ অমান্য কৰিলে ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব। তদুপৰি, কোনো লোকে পূৰ্বৰ বিবাহ গোপনে ৰাখি পুনৰ বিবাহ পাশত আৱ...