July 29, 2025 10:46 AM
102
অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউল লাৱণ্যৰ -PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে
অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউলৰ উচ্চ উৎপাদনক্ষম এটা জাত লাৱণ্য, শেহতীয়াকৈ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষক অধিকাৰ প্ৰাধিকৰণ-PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কয়, যে পৰম্পৰাগত ক’লা চাউলক পুষ্টিগতভাৱে অধিক চহকী কৰি দৈনিক ব্যৱহাৰ আৰু বাণিজ্যিকভাৱে খেতি কৰাৰ বাবে উপযোগী কৰি তোলা হৈছে। উল্লেখযোগ্য যে প্রতি হেক্টৰ কৃষিভূমিত ৪.৫ৰ পৰা ৫ টন পর্যন্ত এই ধান উৎপাদন কৰিব পৰা যাব। সুগন্ধীযুক্ত এইবিধ চাউল ৰান্ধিবলৈ সহজ বাবে ই...