February 15, 2025 11:54 AM

views 47

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী-আছুৰ আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কৱচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্যলৈ আনুষ্ঠানিক আমন্ত্রণপত্ৰ প্ৰেৰণ কৰা হৈছে। ...