April 25, 2024 6:15 PM

views 27

কাইলৈ অসমৰ ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰং-ওদালগুবি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ কেন্দ্ৰসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচ...