October 7, 2026 12:01 PM

views 5

আশুতোষ দিক্ষীতক ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী মুৰববী হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে কালি এয়াৰ মাৰ্শ্বেল আশুতোষ দিক্ষীতক ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী মুৰববী হিচাপে নিযুক্তি দিয়াৰ কথা স্পষ্ট কৰে। শ্ৰী দিক্ষীতে ২৯ সংখ্যক ভাৰতীয় বায়ুসেনাৰ মুৰববী হিচাপে অহা ৩১ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰিব। ২০২৮ বৰ্ষৰ ৩১ ডিচেম্বৰত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব। বৰ্তমান এয়াৰ মাৰ্শ্বেল দিক্ষীতে বায়ুসেনাৰ উপ-মুৰববী হিচাপে সেৱা আগবঢ়াই আছে।