October 18, 2026 7:26 PM
15
আমি একোগৰাকী সুন্দৰ ব্যক্তি এই মূলমন্ত্ৰৰে জাপানত এছিয়ান পেৰা গেমছ ২০২৬ অনুষ্ঠিত
জাপানৰ আইচি নাগয়াত আজিৰে পৰা এছিয়ান পেৰা গেমছ ২০২৬ অনুষ্ঠিত হৈছে। বিশ্বৰ ভিন ভিন দেশৰ ৪৫খন ৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ অধীনত প্রায় তিনি হাজাৰগৰাকী খেলুৱৈয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা ২৪ অক্টোবৰত সামৰণি পৰিবলগীয়া মহাদেশীয় ক্রীড়া প্রতিযোগিতাৰ এইবেলিৰ পঞ্চম সংস্কৰণত ১৮বিধ খেলৰ আয়োজন কৰা হৈছে। নাগোয়াৰ পালোমা মিজোহো স্টেডিয়ামত আমি একোগৰাকী সুন্দৰ ব্যক্তি-এই মূলমন্ত্ৰৰে আজিৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিয়ে এছিয়া মহাদেশৰ ভিন ভিন দেশক প্রতিনিধিত্ব...