September 18, 2024 11:44 AM

views 48

চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ খিতাপ দখল

ভাৰতে আয়োজক দেশ চীনক ১-০ গ’লত পৰাস্ত কৰি অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। হুলুনবুইৰত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ হৈ যুগৰাজ সিঙে একমাত্ৰ গ’লটো দিয়ে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দলৰূপে পৰিগণিত হৈছে। ভাৰতে প্ৰতিযোগিতাৰ ৮ টা সংস্কৰণৰ ভিতৰত ছবাৰকৈ ফাইনেলত অৱতীৰ্ণ হৈছে আৰু ৫ বাৰ খিতাপ দখল কৰিছে। চীনে এইবাৰেই প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প...