October 20, 2025 5:47 PM

views 159

এছিয়ান ডেভেলপমেন্ট বেংকৰ বিশ্ব বেংকৰ সৈতে ৩ বিলিয়ন মার্কিন ডলাৰৰ চুক্তিত স্বাক্ষৰ

এছিয়ান ডেভেলপমেন্ট বেংক- ADBয়ে নিজৰ বিকাশশীল সদস্যসকলৰ বাবে ADB ঋণৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিশ্ব বেংকৰ সৈতে ৩ বিলিয়ন মার্কিন ডলাৰৰ এখন চুক্তিত স্বাক্ষৰ কৰিছে। বেংকটোৱে আজি জনোৱা মতে বিশ্ব বেংকৰ সৈতে হোৱা এনেধৰণৰ এইখন হৈছে প্ৰথমখন চুক্তি। ২০২০ চনৰ পৰা বহুপক্ষীয় বিকাশ বেংকসমূহৰ সৈতে এনেধৰণৰ ছখন চুক্তি স্বাক্ষৰ কৰা হৈছে। এই চুক্তিসমূহৰ মুঠ বিনিময় ৰাশি ৯ বিলিয়ন ডলাৰ।