March 5, 2025 12:37 PM

views 29

বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে অশ্বিনী বৈষ্ণৱৰ বৈঠক

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত স্বচ্ছ প্রযুক্তি, প্ৰতিৰক্ষা আৰু বৈদ্যুতিন বিষয়কে ধৰি অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। শ্ৰী বৈষ্ণৱে কয়, যে এই বৈঠকৰ সময়ছোৱাত তেওঁ গ্ৰামাঞ্চলত সৰ্বাংগীন উন্নয়নৰ বাবে Unified Payments Interface চমুকৈ UPI-ৰ পৰিৱৰ্তনশীল প্রভাৱ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্...

December 19, 2024 12:24 PM

views 38

ড° বি আৰ আম্বেদকাৰক লৈ ভুৱা ধাৰণা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰছক সমালোচনা অশ্বিনী বৈষ্ণৱৰ

কংগ্ৰেছ দলে পুনৰ ড° বি আৰ আম্বেদকাৰক লৈ ভুৱা ধাৰণা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দলটোক সমালোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আম্বেদকাৰৰ বিৰুদ্ধে নিৰ্বাচনত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰচাৰ চলোৱাৰ বাবে তেওঁৰ পৰাজয় হোৱা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পৰা স্পষ্টীকৰণ বিচাৰে। প্ৰায় ৪০ বছৰ ধৰি আম্বেদকাৰক ভাৰতৰত্নৰ পৰা বঞ্চিত কৰা আৰু সংসদৰ চেন্ট্ৰেল হ'লত আম্বেদকাৰক সন্মান নজনোৱাৰ বাবে কংগ্ৰেছ দলক শ্রীবৈষ্ণৱে সমালোচনা কৰে ।