July 31, 2025 1:45 PM

views 30

অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত ৰাজ্যকেইখনত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীয়ে বনাঞ্চলত চলি থকা অবৈধ দখল ৰোধ সন্দৰ্ভত দাখিল হোৱা এখন জনস্বার্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে বনাঞ্চলসমূহ দখলমুক্ত কৰাৰ বাবে বিস্তৃত পৰিকল্পনা য...