June 11, 2024 12:12 PM

views 32

অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ

সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব। অসম সাঁতোৰ সন্থাৰ এখন সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাৰ উপ-সভাপতি দেৱকুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক ভাস্কৰ ৰঞ্জন দাসে চলিত বৰ্ষৰ বিভিন্ন জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ সূচী ঘোষণা কৰে। লগতে বিভিন্ন প্রশিক্ষণ কার্যসূচী, জিলা সাঁতোৰ সন্থাসমূহৰ আন্তঃবিদ্যালয় প্রতিযোগিতা আয়োজন আদি সিদ্ধান্তৰ কথা সদৰি কৰা হয়। সভাত বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে জিলা সন্থাসমূহৰ খতিয়ান দাঙি ধৰে।