September 6, 2026 12:35 PM

views 33

৯, ১০ আৰু ১১ অক্টোবৰত অসম লোকসেৱা আয়োগৰ ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা

অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা ৯, ১০ আৰু ১১ অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in ৰ জৰিয়তে অহা ১৮ আৰু ১৯ ছেপ্তেম্বৰত প্ৰৱেশ পত্র ডাউন লোড কৰিব পাৰিব।