September 18, 2024 12:10 PM

views 39

এপিএছচিৰ অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাৰ ভিত্তিত ২৩জন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতৰ অভিযোগ গ্ৰহণ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত কালি বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে। আদালতে অভিযোগনামাত নাম অন্তর্ভুক্ত নোহোৱা ৯ জন বিষয়াৰ বিৰুদ্ধেও নিজাববীয়াকৈ অভিযোগ গ্রহণ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা ১৪ জন অভিযুক্ত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটে অভিযোগনামাত সন্নিবিষ্ট কৰা নাছ...