March 3, 2025 12:04 PM

views 25

ৰাজ্যৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পর্যায়ক্রমে ঘোষণা

ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ কাইলৈৰ পৰা পর্যায়ক্রমে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি তেওঁ সামাজিক মাধ্যমযোগে সদৰি কৰা মতে কাইলৈ নিযুক্তি পৰীক্ষাৰ প্ৰথমটো ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। সেইদৰে অহা ৬ মাৰ্চত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ আৰু ৭ মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা ...