July 10, 2024 6:02 PM

views 52

অসমৰ বিভিন্ন পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ্লিষ্ট পত্ৰখন ইতিমধ্যে বাতিল কৰা হৈছে। উল্লেখযোগ্য যে নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বে জাৰি কৰা জাননীখনক লৈ চৰ্চা হোৱাৰ পৰিপ...