May 16, 2025 11:48 AM

views 37

অপাৰেচন সিন্দূৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী নীতিৰ নতুন সংজ্ঞা দিছে আৰু ভাৰতৰ ভূমিত হোৱা যিকোনো সন্ত্রাসবাদী আক্রমণক যুদ্ধ বুলি গণ্য কৰাৰ কথা স্পষ্ট কৰি দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ লগতে সিন্দূৰ অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থা বুলি অভিহিত কৰে। ইয়াক তেওঁ সন্ত্রাসবাদক পুলিয়ে-পোখাই উৎখাত কৰাৰ বাবে যিকোনো পৰ্যায়লৈ যোৱাৰ দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ বুলি উল্লেখ কৰে। শ্ৰীনগৰৰ বাদামী বাগ ছাউনীত কালি সেনা জোৱানক উদ...