July 1, 2025 2:13 PM

views 26

বিশিষ্ট কবি অনুভৱ তুলসীৰ চিকিৎসালয়ত দেহাৱসান

বিশিষ্ট কবি অনুভৱ তুলসীৰ আজি পুৱা মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ কবিগৰাকী কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। ১৯৫৮ চনত নগাঁৱত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীয়ে কেইবাখনো কবিতা পুথিৰ জৰিয়তে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে।