December 12, 2025 8:02 PM

views 31

পশ্চিমবংগত হ’বলগীয়া ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱলৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ

পশ্চিমবংগৰ হালদিয়াত অহা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ হ'বলগীয়া ২২ সংখ্যক ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱ ২০২৬ লৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ জনোৱা হৈছে। ১৯৮০ চনত ‘পান্থপাদপ’ নামৰ কাব্য আলোচনীত আত্মপ্ৰকাশ কৰা কবি অনুপমা দাসে পৃথিৱীৰ সতে মোৰ দিন-ৰাতি, তুমি মোৰ পৃথিৱীৰ, সময়ৰ দস্তাবেজ, কাগজৰ নাও কাব্যগ্ৰন্থকে ধৰি ৬ খন গ্ৰন্থ ৰচনা কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক শ্রীমতী দাসে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগতো দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই গৈছে।