July 5, 2026 11:23 AM
3
অসমৰ অংকিতা কোঁৱৰৰ ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সাঁতুৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা
অসমৰ অংকিতা কোঁৱৰে কালি ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডভাৰ পৰা দিনৰ ডেৰ বজাত যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি ইংলেণ্ডৰ সময়মতে যোৱানিশা ২-৩৫ বজাত ফ্ৰান্সৰ কেলিছ'ত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক ইংলিছ চেনেল ছুইমিং সংস্থাৰ পৰা স্বীকৃতি প্রদান কৰা হয়। উল্লেখযোগ্য যে, ইংলেণ্ড-ফ্রান্সক পৃথক কৰা ইংলিছ চেনেলক বৰফৰ পানী, কোৱাল সোঁত আৰু অভাৱনীয় জোৱাৰ ভাটা তথা দ্রুত পৰিৱৰ্তিত বতৰৰ বাবে মুকলি পানীত সাঁত...