October 13, 2026 2:32 PM
7
দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ
কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব। এই ভ্রমণকালত তেঁও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীক সাক্ষাৎ কৰিব। ভাৰতত নিয়োজিত কানাডাৰ উচ্চায়ুক্ত খ্রিষ্টফাৰ কুটাৰে কয়, যে কানাডাই ভাৰতৰ সৈতে প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ লগতে বিনিয়োগ বৃদ্ধি আৰু দুয়োদেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধিৰ বিষয়টোত গুৰুত্ব দিব। তেওঁ কয়, যে দুয়োখন দেশৰ মাজত পর্যটনেও বিকাশৰ পথত গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে।