May 25, 2024 7:50 PM

views 83

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত আন চার্টেইন ৰিগার্ড প্রাইজ শিতানত ভাৰতীয় অভিনেত্রী অনাসুয়া সেনগুপ্তালৈ শ্রেষ্ঠ অভিনেত্ৰী বঁটা আগবঢ়োৱা হৈছে। তেওঁ দা শ্বেইমলেছ ছবিত অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। অনাসুয়াই বুলগেৰিয়াৰ চলচ্চিত্র নির্মাতা কনষ্টেণ্টিন বোজানোভ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্যাম বেনেগালৰ মন্থন ছবিখনে চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰদৰ্শনী লাভ কৰে।