December 3, 2025 9:07 PM

views 42

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এতিয়ালৈ ১০৫টা ষ্টেচনৰ কাম সম্পূৰ্ণ হৈছে : ৰে’ল মন্ত্রী

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰ্তমানলৈকে ১০৫টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণবে প্রকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্রীবৈষ্ণবে এই কথা প্রকাশ কৰি কয় যে ষ্টেচনসমূহৰ পুনৰনিৰ্মাণৰ বাবে চৰকাৰে এই আঁচনি মুকলি কৰিছিল আৰু ইয়াৰ অধীনত মুঠ এহেজাৰ ৩৩৭টা ৰেল ষ্টেচন চিনাক্ত কৰা হয়। এই আঁচনিৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত ১২ হাজাৰ ১১৮ কোটি টকাৰ অনুমোদন দিয়া হৈছে বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত ৰে'ল ষ্টেচনসমূহত অপেক্ষাগৃহৰ ...