April 30, 2024 7:46 PM

views 39

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ পশ্চিমবংগৰ নির্বাচনী সভাত অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে, পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। বর্ধমান পূৱ লোকসভা সমষ্টিত আজি এখন নির্বাচনী সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পশ্চিমবংগত অনুপ্ৰৱেশ এটা গুৰুতৰ সমস্যা। তেওঁ লগতে তৃণমূল কংগ্ৰেছে ভোটৰ বাবে অনুপ্ৰৱেশকাৰীৰ ওপৰত ভৰষা কৰা বুলি অভিযোগ তোলে। তেওঁ বিজেপিয়ে পশ্চিমবংগক উন্নয়নৰ দিশৰ পৰা এক নম্বৰ ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি আশ্বাস প্ৰদান কৰে।