September 21, 2024 9:13 PM

views 41

জম্মু সীমান্তত অস্ত্ৰবিৰতি উলংঘনৰ ঘটনা সংঘটিত নোহোৱাটোৱে পাকিস্তানে প্রধানমন্ত্ৰী মোদীক ভয় কৰাটো প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই বুলি আশ্বাস দিছে যে, জম্মু সীমান্তত দীৰ্ঘদিনৰে পৰা অস্ত্ৰ বিৰতি উলংঘনৰ কোনো ঘটনা সংঘটিত নোহোৱাটোৱে ইয়াকেই প্রতিফলিত কৰে যে পাকিস্তানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে পুঞ্চ জিলাৰ মেন্ধৰত আজি দলীয় প্রার্থী মুৰতাজা খানৰ সমৰ্থনত এখন নির্বাচনী সভা সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, সীমান্তত বৰ্তমান নিস্তব্ধতা বিৰাজ কৰিছে আৰু মেন্ধৰৰ লগতে সীমান্তৱৰ্তী অন্যান্য জিলাসমূহৰ লোকসকল বৰ্তমান শান্তি...