April 20, 2024 12:05 PM

views 61

শিলচৰত কাইলৈ বিজেপিৰ ৰোড শ্ব’, অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান কালি সম্পন্ন হোৱাৰ পাছত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শিলচৰত উপস্থিত হৈ বিজেপিৰ এটা বৃহৎ ৰোড শ্ব’ত অংশ ল'ব। শিলচৰ জিলা ক্রীড়া সংস্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব’ত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ দুই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ইপিনে এই ৰোড শ্ব’ সফল কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলা বিজেপিৰ নেত্ৰীবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছে।