April 30, 2024 5:41 PM

views 61

কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অভিযোগ

বিজেপিয়ে ৪০০খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰী শ্বাহে কয় যে এই দাবী সঁচাকৈ ভিত্তিহীন। তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ পোষকতা কৰে। বিজেপিয়ে সমগ্ৰ দেশত ভাল সঁহাৰি লাভ কৰা বুলিও নেতাগৰাকীয়ে দাবী কৰে। কৰ্ণাটকৰ...