May 30, 2025 8:43 PM

views 32

পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দালৈ কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি অলপতে পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত হোৱা নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দাসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰ্তমানৰ ৯০ হাজাৰ বাংকাৰৰ উপৰি সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গোলাবর্ষণৰ ফলত নিহত হোৱা লোকৰ নিকটাত্মীয়লৈ নিযুক্তিপত্ৰ বিতৰণৰ বাবে পুঞ্চ জিলাত আয়োজিত কাৰ্যসূচীত সম্বোধন কৰি গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে জিলা প্ৰশাসনে ইতিমধ্যে ক্ষতিগ্রস্ত অঞ্চলসমূহত সবিশেষ মূল্যায...