August 1, 2026 8:32 PM
অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ ২,১১৭ কোটি ৮৫ লাখ টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি ২ হেজাৰ ১১৭ কোটি ৮৫ লাখ টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্রিম কিস্তি হিচাপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসমলৈ ৩৭৯ কোটি ৩৫ লাখ টকা আৰু অৰুণাচল প্ৰদেশলৈ ৪৪ কোটি ৫৫ লাখ টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে...