July 15, 2024 6:31 PM

views 49

অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যকেইখনৰ বান পৰিস্থিতিৰ বুজ লয়। শ্ৰীশ্বাহে ৰাজ্যকেইখনৰ মুখ্য নদীসমূহৰ পানীৰ বৰ্ধিত স্তৰৰ বুজ লয়। তেওঁ লগতে ৰাজ্যকেইখনলৈ কেন্দ্ৰই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সমৰ্থনৰ লগতে প্রয়োজনীয় সকলো সাহায্য আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।