August 4, 2024 7:58 PM

views 39

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ছণ্ডীগড়ৰ মণিমাজৰাত পানী যোগানৰ  পাইলট প্রকল্প উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ছণ্ডীগড়ৰ মণিমাজৰাত সপ্তাহৰ আটাইকেইদিন ২৪ ঘণ্টাই কার্যক্ষম হোৱাকৈ পানী যোগানৰ এটা পাইলট প্রকল্প উদ্বোধন কৰে। এই পানী যোগান প্ৰকল্পটোৰ পৰা মণিমাজৰাৰ প্ৰায় এক লাখ লোক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই প্ৰকল্পটোৰ বাবে প্ৰায় ৭৫ কোটি টকা ব্যয় কৰা হৈছে আৰু ১২ হাজাৰ লোকক নতুনকৈ পানীৰ সংযোগ দিয়া হৈছে। তেওঁ কয় যে, এই প্ৰকল্পটোৰ জৰিয়তে সপ্তাহৰ আটাইকেইদিন ২৪ ঘণ্টাই পানী লাভ কৰাৰ ফলত জনসাধাৰণে পানীৰ সংৰক্ষণ কমকৈ কৰিব আৰু ইয়াৰ ফলত পানীৰ অপ...