June 13, 2025 12:36 PM

views 21

আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি দুৰ্ঘটনাৰ কেইঘণ্টামান পাছতেই আহমেদাবাদ পৰিদৰ্শন কৰে। তেওঁ উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয়, যে এই দুর্ভাগ্যজনক ঘটনাক লৈ সমগ্ৰ ৰাষ্ট্ৰ শোকাভিভূত হৈ পৰিছে। দেশৰ প্ৰতিগৰাকী নাগৰিক এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গৰ সৈতে আছে বুলি তেওঁ মন্তব্য কৰে। গৃহমন্ত...