December 28, 2025 6:31 PM

views 45

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

December 28, 2025 6:18 PM

views 27

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰ খন আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি ৪ বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব। এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, বহু খলপীয়া গাড়ী ৰখোৱা স্থান, উদ্যান ফুডকোর্ট ইত্যাদি থাকিব। আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ...

December 27, 2025 8:34 PM

views 47

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্রমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্রী ...

March 16, 2025 12:31 PM

views 42

কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি তেওঁ কয়, যে অসম দ্রুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে।

March 13, 2025 8:34 PM

views 54

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব। কাইলৈ নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত পৰহিলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় ডেৰশ বছৰ পুৰণি ছাউনীটো আইজল নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখ’ছাঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লীত মিজোৰাম চ...

March 9, 2025 11:56 AM

views 39

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ১৪ মাৰ্চত তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ'ব। শ্ৰী শ্বাহে ১৫ মাৰ্চত ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব। শ্ৰী শ্বাহে ১৬ মাৰ্চত কোকৰাঝাৰৰ দোতমাত হ'বলগীয়া এবছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি ১৬ মাৰ্চৰ বিয়লি তেওঁ নত...