July 22, 2025 1:25 PM

views 33

আমিনগাঁৱৰ পুৰণি ঐতিহ্যমণ্ডিত ৰে’ল ষ্টেচনটো ন-ৰূপত সজাই সংৰক্ষণৰ ব্যৱস্থা ৰে’ল বিভাগৰ

আমিনগাঁৱৰ পুৰণি ঐতিহ্যমণ্ডিত ৰে'ল ষ্টেচনটো শীঘ্ৰেই ন-ৰূপত সজাই তোলা হ’ব। ১৯০৭ চনতে নিৰ্মাণ কৰা এই ষ্টেচনটোৰ পৰা শৰাইঘাট দলং মুকলি হোৱাৰ পাছতে ১৯৬৩ চনত অন্তিমখন ৰে’লে যাত্ৰা কৰিছিল। পূৰ্বে বহিঃৰাজ্যৰ সৈতে সংযোগৰ একমাত্ৰ মাধ্যম এই ষ্টেচনটো ৰে'ল বিভাগে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰকাশ কৰে৷