June 13, 2026 7:32 PM

views 13

এলভিছ আলী হাজৰিকাসহ ৪ জন সাঁতোৰবিদৰ আৰৱ সাগৰত ১৩০০ কিলোমিটাৰ সাতোঁৰৰ লক্ষ্য নিৰ্ধাৰণ

আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সৌৰভ এলভিছ আলী হাজৰিকাসহ ৪ জন সাঁতোৰবিদে আৰৱ সাগৰত ১৫ দিনত দিনে-নিশাই ১৩০০ কিলোমিটাৰ সাতোঁৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই কয় যে ১৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰপৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ ২৮ নৱেম্বৰত কৰ্ণাটকত অন্ত পৰিব। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ১৫ দিন সময় লাগিব। এই কার্যত সফল হ'লে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব বু...