May 25, 2025 7:00 PM

views 50

সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকর্মী সংস্থাৰ চাকৰিৰ নিয়মীয়াকৰণ, ভৱিষ্যনিধিৰ সুবিধাৰ দাবী উত্থাপন

সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকর্মী সংস্থাই আজি স্বাস্থ্যকৰ্মীসকলক চৰকাৰে নিৰ্ধাৰণ কৰা নিম্নতম হাৰত দৰমহা প্ৰদানৰ দাবীত এখন সংবাদমেলৰ আয়োজন কৰে। সন্থাটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সাধাৰণ সভাৰ পাছত অনুষ্ঠিত সংবাদমেলত তেওঁলোকে কয় যে যোৱা ১৫ৰ পৰা ২০ বছৰৰো অধিক কাল সামান্য মাননিত স্বাস্থ্যকর্মীসকলে সেৱা আগবঢ়াই আহিছে। কর্মীসকলে সংবাদ মেলৰ জৰিয়তে চাকৰিৰ নিয়মীয়াকৰণ, ভৱিষ্যনিধিৰ সুবিধা প্রদান আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।