February 19, 2025 6:51 PM

views 94

পাঞ্জাবাৰীৰ শিল্পগ্রামত আলি-আয়ে-লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে আজি জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহ ঐনিতমৰ সুৰ আৰু গুমৰাগ নৃত্যৰ ছন্দত মুখৰ হৈ উঠিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰে। মিচিং ভাষাত আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱৰ অংশ হিচাপে গুটি সিঁচা কাৰ্য আৰম্ভ কৰাৰ লগতে জনগোষ্ঠীটোৰ ডেকা-গাভৰু, বুঢ়া-মেঠা সকলোৱে সমূহীয়াকৈ ভোজ ভাত খাই নৃত্...