August 5, 2026 12:12 PM
4
আজি আলাবৈ ৰণৰ স্মৃতি দিৱস
আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। ১৬৬৯ চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈৰ ৰণত অসমৰ ১০ হাজাৰ সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে ১০ হাজাৰ বীৰ অসমীয়া সেনানিলৈ শ্ৰদ্ধা নিবেদন কৰিছে৷ তেওঁ কয়, যে ৰাজ্য চৰকাৰে ১০ হাজাৰ ছহিদলৈ শ্ৰদ্ধাঞ্জ...