May 25, 2024 5:32 PM

views 72

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

April 19, 2024 8:46 PM

views 69

এনডিএ চৰকাৰে খেতিয়কৰ কল্যাণৰ হকে চিন্তা নকৰাৰ অভিযোগ অখিলেশ যাদৱৰ

সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে এন ডি এ চৰকাৰে খেতিয়কসকলৰ কল্যাণৰ হকে চিন্তা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আজি উত্তৰ প্ৰদেশৰ নয়দাৰ এটা নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি শ্ৰীযাদৱে কয় যে, যদি আই এন ডি আই আৰু সমাজবাদী পার্টিৰ মিত্ৰজোঁট ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে খেতিয়কসকলৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ বাবে আইনী নিশ্চয়তা সুনিশ্চিত কৰিব। সমাজবাদী পার্টিয়ে সদায় উত্তৰ প্ৰদেশৰ সৰ্বাংগীণ বিকাশৰৰ বাবে কাম কৰি আহিছে বুলিও শ্রী যাদৱে মন্তব্য কৰে।