August 25, 2025 8:36 PM

views 18

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ শপতগ্ৰহণ

মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিছে। ক'হিমাৰ ৰাজভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী ভাল্লাক শপতবাক্য পাঠ কৰোৱায়। যোৱা ১৫ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত শ্ৰী ভাল্লাক ৰাজ্যখনৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছিল। আজি শপতগ্রহণ অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিঅ ৰিঅ', উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, ৱাই পেট্টান, সাংসদ মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত ...