October 21, 2025 6:47 PM

views 70

বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৮ নৱেম্বৰত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

বিত্তমন্ত্রী নির্মলা সীতাৰমনে অহা ৮ নৱেম্বৰত বিশ্বনাথ জিলাৰ ভোলাগুৰিত প্ৰথম অসমীয়া চলচ্চিত্র জয়মতী নির্মাণস্থলীত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ৭৪০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয়খনৰ বাবে অসম চৰকাৰে প্ৰথম পর্যায়ত ৩৫০ কোটি টকা ব্যয় কৰিব। উল্লেখযোগ্য যে দুদিনীয়া ভ্রমণসূচীৰে ৭ নৱেম্বৰত অসমত উপস্থিত হ'বলগীয়া বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও কার্যসূচীত অংশ ল'ব। ৰাজ্যৰ বিত্ত মন্ত্রী অজন্তা নেওগ আৰু মুখ্য সচিব ড০ ৰবি কোটাই আজি শ্রীমতী সীতাৰমনে আধ...