November 6, 2025 7:44 PM

views 52

৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত ৰাজনাথ সিঙৰ অংশগ্রহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্রীয়ভাবে অনুষ্ঠিত এই এয়াৰ শ্বত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল'ব। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইজ্জ্যুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জন...