November 20, 2024 5:49 PM

views 85

দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ৫০ শতাংশ কৰ্মচাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মহানগৰীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আজি বিয়লি এখন বৈঠকৰ আহ্বান কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে আজি দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানৰ হাৰ এ...

November 19, 2024 6:33 PM

views 47

দিল্লীত কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ভয়াবহ বায়ু প্ৰদুষণ সমস্যাৰ সমাধানৰ বাবে ক্লাউড চিডিং প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্ৰদূষণ সন্দৰ্ভত এখন জৰুৰীকালীন বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰায়ে কয়, যে বিষয়টো লৈ বিশেষজ্ঞৰ সৈতে আলোচনা কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ ...