June 13, 2025 12:43 PM

views 20

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ যাত্ৰীৰ আটাইকেইগৰাকীৰেই মৃত্যু

আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বয়িং 787-8 শ্ৰেণীৰ বিমানখনত ২৪২ গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্য আছিল। বিমানখনত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু ৭গৰাকী পর্তুগীজ নাগৰিক আছিল। আন ১২ গৰাকী লোকৰ ভিতৰত দুগৰাকী পাইলট আৰু চালক দলৰ ১০ জন সদস্য আছিল। দুর্ঘটনাগ্রস্ত স্থানৰো কেইবাগৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা...