May 15, 2025 8:49 PM

views 34

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ আজিৰ তাৰিখতে বিভাগটোৱে কামকাজ আৰম্ভ কৰিছিল। প্ৰায় সাত দশকজুৰি আঞ্চলিক বাতৰি বিভাগে শ্রোতাক নির্ভুল আৰু নিৰ্ভৰযোগ্য তথ্য আৰু সংবাদ প্ৰদানৰ কামত ব্ৰতী হৈ আছে। দেশৰ শেহতীয়া সংকটকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বাতৰি বিভাগ আজি কোনো ধৰণৰ আনুষ্ঠানিক আয়োজনৰ পৰা বিৰত আছে।